ভাৰতত কৰ্মসংস্থাপনৰ সমস্যা! কাম নাপাই হতাশাগ্ৰস্ত লাখ লাখ শ্রমিক 

Share
গুৱাহাটী,২৬ এপ্রিলঃ বৰ্তমান সময়ত ভাৰতৰ কৰ্মসংস্থাপন সৃষ্টিৰ সমস্যাই এক বৃহৎ প্রত্যাহ্বান সৃষ্টি কৰা  পৰিলক্ষিত হৈছে। অধিসংখ্যক লোকে আনকি কাম বা চাকৰি বিচাৰিবলৈ এৰি দিছে । সঠিক কামৰ সন্ধানত কৰ্মসংস্থান লাভ কৰিবলৈ সমৰ্থ নহৈ হতাশ হৈ পৰিছে লাখ লাখ ভাৰতীয়ই । মুম্বাইৰ এটা ব্যক্তিগত খণ্ডৰ গৱেষণা প্রতিষ্ঠান চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি প্রাইভেটে প্রকাশ কৰা অনুসৰি বিশেষকৈ , মহিলাসকলে সামগ্ৰিকভাৱে শ্রম শক্তিৰ পৰা প্রস্থান কৰিছে ।
বিশ্বৰ অন্যতম দ্রুত সম্প্রসাৰিত অৰ্থনীতিৰুপে  ভাৰতে বিকাশ বৃদ্ধি কৰিবলৈ তৰুণ শ্রমিকৰ ওপৰত নিৰ্ভৰ কৰাৰ সময়ত শেহতীয়া তথ্য এক ভয়াবহতাৰ পূৰ্বাভাস । ২০১৭ চনৰ পৰা ২০২২ চনলৈকে ৪৬ শতাংশৰ পৰা ৪০ শতাংশলৈ হ্রাস পাইছে সামগ্ৰিক শ্রমিকৰ অংশগ্ৰহণ ।চি এম আই ৰ মতে বৰ্তমান বৈধ শ্রমৰ বয়সৰ ৯০ কোটি ভাৰতীয়ৰ  আধাসংখ্যকে কোনো কাম বা চাকৰি নিবিচাৰে । তদুপৰি , সোণালী যুগ পাবলৈ কৰ্মসংস্থাপনক প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে অগ্ৰাধিকাৰ দিছিল । মেককিনছে গ্ল’বেল ইনষ্টিটিউটে ২০২০ চনতে প্রকাশ কৰা এক প্রতিবেদন অনুসৰি শ্রমশক্তিত অন্তৰ্ভূক্ত হ’বলগীয়া যুৱক – যুৱতীৰ বৃদ্ধিৰ সৈতে খোজ মিলাবলৈ হ’লে ২০৩০ চনৰ ভিতৰত ভাৰতে কৃষি খণ্ডত ৯ কোটি কৰ্মসংস্থান সৃষ্টি কৰা দৰকাৰ ।তাৰ বাবে ভাৰতক বাৰ্ষিক ৮ শতাংশৰ পৰা ৮.৫ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ প্রয়োজন

Leave a Reply

Your email address will not be published. Required fields are marked *