বিশিষ্ট সাহিত্যিক তথা গৱেশক ড৹ প্ৰফুল্ল মহন্তৰ পৰলোকপ্ৰাপ্তি

Share

নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট সাহিত্যিক,  গৱেশক ড৹ প্ৰফুল্ল মহন্তই চিকিৎসাধীন অৱস্থাত পুৱতি নিশা ২.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। দুসপ্তাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ড৹ মহন্ত। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, বড়ো ভূমিৰ উচুপনি, জনগোষ্ঠীয় চেতনা,অসমীয়া জাতীয়তাবাদৰ উৎস। বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত সাহিত্য জগতত এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, তেওঁ তেওঁৰ দেহ মৰণোত্তৰভাৱে দান কৰি থৈ গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *