ৰাজ্যত শীঘ্ৰেই বন্ধ কৰা হ’ব  ১১ সহস্ৰাধিক বিদ্যালয়

Share
গুৱাহাটী ২১ছেপ্টেম্বৰ: চৰকাৰৰ ভুল শিক্ষানীতিৰ বাবেই ৰাজ্যত শীঘ্ৰেই বন্ধ কৰা হ’ব ১১ হাজাৰৰো অধিক ৰাজহুৱা খণ্ডৰ লগতে মাতৃভাষা মাধ্যমৰ বিদ্যালয়। উল্লেখযোগ্য যে, ৰাজ্যত প্ৰতি বছৰে হ্ৰাস পাবলৈ ধৰিছে চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা। 
‘শিক্ষাসেতু’ এপৰ জৰিয়তে পোহৰলৈ অহা তথ্য অনুসৰি ৰাজ্যৰ ৩১খন বিদ্যালয়ত ১ জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫ খন বিদ্যালয়ত আছে মাত্ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী। ইয়াৰোপৰি ১১,২৭২খন বিদ্যালয়ত আছে ৩০ জনতকৈও কম শিক্ষাৰ্থী। চৰকাৰী শিক্ষানুষ্ঠান সম্পৰ্কে লাভ কৰা এই তথ্যসমূহৰ আধাৰতে অসমৰ শিক্ষা বিভাগে বিদ্যালয়সমূহ বন্ধ কৰাৰ উদ্দেশ্যে কুচকাৱাজ আৰম্ভ কৰিছে। যাৰ ফলত অতি সোনকালেই নিঃশেষ হৈ পৰিব ১১ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয়।

Leave a Reply

Your email address will not be published. Required fields are marked *