আজিৰে পৰা বৃদ্ধি পাব বিদ্যুৎ,ঔষধ আৰু টোলগেটৰ কৰ

Share

আজিৰে পৰা মূল্য বৃদ্ধিৰে চৰকাৰে জনতাক দিলে মাধমাৰ । ঔষধ , বিদ্যুৎ , টোলগেটৰ মাচুলৰ বৃদ্ধিৰে আৰম্ভ হৈছে নতুন বৃত্তীয় বৰ্ষৰ প্ৰথমটো দিন ।মূল্য বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰ-ৰাজ্য চৰকাৰে এতিয়া সঘনাই পেট্ৰল , ডিজেল ,ৰন্ধন গেছ, খাদ্য-সামগ্ৰী ইত্যাদিৰ উপৰি বিদ্যুৎ মাচুল , টোলগেটৰ কৰ ,জীৱন দায়িনী ঔষধৰ মুল্যবৃদ্ধি ঘটোৱাত ক্ষোভৰ উদগীৰণ ঘটিছে ৰাইজৰ মাজত ।

এফালে যদি চৰকাৰৰ কেন্দ্ৰ-ৰাজ্য চৰকাৰকে ধৰি বিভিন্ন আচঁনিৰে দৰিদ্ৰ জনসাধাৰণৰ ব্যক্তিগত বেংক একাউন্টত নুন্যতম ধন দিয়াৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰ জৰিয়তে অত্যাধিক ধন উলিয়াই নিছে । আজিৰে পৰা ফলিক এছিড, এন্টিবায়টিক , পেৰাচিটামল আদিকে ধৰি ৩৮৪ বিধ নিত্য প্ৰয়োজনীয় ঔষধৰ মূল্য ১২ % পৰ্যন্ত বৃদ্ধি পাইছে ।ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ জনসাধাৰণে বিদ্যুৎৰ প্ৰতি মাহে প্ৰতি কিলোৱাটৰ বিল ভৰিব লাগিব  অতিৰিক্ত ১০ টকাকৈ।ঠিক একেদৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ ৭ খন টোলগেটৰ  ক্ষেত্ৰত ৫ ৰ  পৰা ১০ % লৈ বৃদ্ধি কৰা হৈছে  কৰ।

ফলত  এই মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতাই প্ৰথম দিনটোৰ পৰাই ত্ৰাহি মধুসুদন দেখিব লাগিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *