পুনৰ মাচুল বৃদ্ধি পালে বিদ্যুতৰ

Share

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোণ শক্তি বিভাগৰ। মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ সময়তে বিদ্যুতৰ মাচুল বৃদ্ধিয়ে পুনৰবাৰ জনতাৰ মূৰত মাধমাৰ সোধালে ।প্ৰতি কিলোৱাটত ১০ টকাকৈ বৃদ্ধি পালে মাচুল লগতে প্রতি ইউনিটত ৩০-৭০ পইচাকৈ বঢ়োৱাৰ সিদ্ধান্ত APDCLৰ। ২৭ মেত এই সন্দৰ্ভত জাননী জাৰি কৰিছিল বিভাগটোৱে। ইয়াৰ উপৰিও জীৱন ধাৰাৰ গ্রাহকৰ বাবে প্রতি ইউনিটত ৩০পইচাকৈ বৃদ্ধি কৰা হয়।

আনহাতে অন্যান্য যি সকল উপভোক্তা তেওঁলোকৰ বাবে প্রতি ইউনিটত বৃদ্ধি পাইছে ৭০ পইচাকৈ। জাননী অনুসৰি ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৫.২৫টকাকৈ, ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা উপভোক্তাই ৭.৩০ টকাকৈ আৰু ৫-৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্রাহকে দিব লাগিব ৮.১৫ টকাকৈ। লগতে বাণিজ্যিক গ্রাহকে দিব লাগিব ৮.৬০ টকাকৈ

ইয়াৰ পূৰ্বেও চলিত বৰ্ষত বহুবাৰ বৃদ্ধি হৈছে বিদ্যুত মাচুল । আনফালে বহুবাৰ স্মাৰ্ট মিটাৰেও জ্বলা কলা খুৱাইছে জনতাক। তেনে ক্ষেত্ৰত পুনৰ মাচুল বৃদ্ধিয়ে জনতাৰ ওপৰত কি প্ৰভাৱ পেলাই সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *