গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই পুৱতি নিশা আৰ চি চি-১ আৰু আৰ চি চি-২ ছাত্ৰাৱাসৰ শিক্ষাৰ্থীৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই সংঘাতত দুই পক্ষৰ কেইবাজনো শিক্ষাৰ্থী আহত হয়।
জানিব পৰা মতে শিক্ষাৰ্থীসকলে পৰস্পৰে পৰস্পৰৰ ওপৰত সুৰাৰ বটল আৰু শিল আদিৰে আক্ৰমণ কৰিছিল। এই আক্ৰমণত কেইবাগৰাকী শিক্ষাৰ্থী গুৰুত্বৰভাৱে আহত হয়। আহত ছাত্ৰকেইগৰাকীক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত সকলো ঠিকেই আছিল যদিও পুৱতি নিশা ৩ মান বজাত হঠাৎ সংঘাতৰ সূত্ৰপাত হয় RCC-1 আৰু RCC-2 ছাত্ৰাৱাসৰ শিক্ষাৰ্থীৰ মাজত। এই সংঘাতত উত্তপ্ত হৈ পৰে সমগ্ৰ বিশ্ববিদ্যালয় চৌহদ।
জানিব পৰা মতে RCC-1ৰ ছাত্ৰসকলে প্ৰথমে RCC-2ৰ ছাত্ৰৰ ওপৰত আক্ৰমণ কৰি সৃষ্টি কৰে সংঘাতৰ। এই সন্দৰ্ভত সঠিক তদন্তৰ পাছতহে স্পষ্ট হৈ পৰিব সমগ্ৰ বিষয়। বৰ্তমান GMCH ত ভৰ্তি হৈ আছে ৭ জনকৈ আহত ছাত্ৰ।