আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ দিন

Share
আজি বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদমেলযোগে ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ সময়সূচী। চলিত বৰ্ষৰ শেষৰ ফালে জম্মু-কাশ্মীৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
তথ্য অনুসৰি আজি জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰহে তাৰিখ ঘোষণা কৰিব। বাকী  মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ তাৰিখ পিছত ঘোষণা কৰা হ’ব। আনহাতে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। ১৪ আগষ্টত নিৰ্বাচন আয়োগে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত মিলিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *