গুৱাহাটী,২০ এপ্রিলঃ হেপাঁহৰ ৰঙালী বিহুৰ বতৰতে উখল -মাখল ৰাজ্য । বিহুবলীয়া ৰাইজৰ গাত বিহুক লৈ উথপ-থপ লাগি থকা সময়তে আলফা স্বাধীনত যোগদানৰ প্রৱণতাই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ।কিয়নো , বিহুৰ পূৰ্বেইও বহুগৰাকী যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰে ৰাজ্যবাসীৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল । এইদৰে অসমৰ যুৱপ্রজন্ম ক্রমাৎ ধাৱমান হোৱা পৰিলক্ষিত হৈছে আলফা স্বাধীনত । হেপাঁহৰ ৰঙালী বিহুৰ আনন্দৰ মাজতো কিন্তু এতিয়াও অব্যাহত আছে আলফা স্বাধীনত যোগদান কৰা প্রৱণতা । তদুপৰি , ৰঙালী বিহুটিক হেপাঁহেৰে আদৰাৰ আনন্দৰ মাজতে এইবাৰ আকৌ আলফা (স্বাঃ) লৈ ঢাপলি মেলিলে আন তিনিজন যুৱক ।
আলফাত যোগদান কৰা এই যুৱক তিনিজন ক্রমে নাহৰকটীয়া , শিৱসাগৰ আৰু বজালী । শেহতীয়াকৈ , আলফাত যোগদান কৰা শিৱসাগৰৰ গেলেকীৰ যুৱকজন হৈছে পংকজ মেচ । যোৱা ১৫ দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল পংকজ মেচ । চাহপাতৰ ব্যৱসায় কৰা পংকজ মেচ আলফাত যোগদান কৰা কাৰণ বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।আনহাতে, আলফাত যোগদান কৰা আন এগৰাকী যুৱক হৈছে পাঠশালাৰ পুৰুষোত্তম কলিতাৰ একমাত্র পুত্র ২৩ বছৰীয়া বিভাকৰ কলিতা। বিগত কিছুদিন ধৰি একমাত্র পুত্রজন ঘৰৰ পৰা যোৱা ৯ মাৰ্চতে তিনিচুকীয়ালৈ বুলি ৰাওনা হোৱাৰ পাছতে সন্ধানহীন হৈ আছিল । লগতে আলফাত যোগদান কৰা নাহৰকটীয়াৰ যুৱকজন হৈছে নাখাম বাঁহধাৰী অঞ্চলৰ পৱিত্র গগৈৰ পুত্র পংকজ গগৈ ।
প্রাপ্ত খবৰ অনুসৰি , দীৰ্ঘদিন ধৰি নাহৰকটীয়া জাগুনৰ এটা ইটাভাতীত চকীদাৰ হিচাপে কৰ্মৰত পংকজ গগৈয়ে মাৰ্চ তাৰিখে কৰ্মসংস্থাপনৰ সন্ধানত কেৰেলালৈ যাওঁ বুলি ওলাই গৈছিল । ৬ এপ্রিলৰ দিনা পত্নী উদ্দীপনা গগৈলৈ আছিল পংকজৰ শেষ ফোনক’ল । ফোনযোগে কেৰেলাতে কাম কৰি থকা বুলি প্রকাশ কৰাৰ পাছতে পংকজৰ পৰিয়ালৰ সৈতে বিচ্ছিন্ন হৈ পৰিছিল সংযোগ ।তাৰ পাছতে সংবাদ মাধ্যমৰ জড়িয়তে পংকজে আলফাত যোগদান কৰা খবৰটি লাভ কৰাৰ পাছতে পৰিয়ালটোৰ মূৰত যেন সৰগৰ আকাশখন খঁহি পৰাৰ দৰে শোকত ভাগি পৰে । যাৰ পৰিপ্রেক্ষিতত শোকত ভাগি পৰা মাতৃয়ে কৰুণ বিননীৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ এনেদৰে কয় —’ হয় ল’ৰা ঘূৰাই দিয়ক , নহ’লে মাৰি পেলাওক ‘ । আনহাতে বিগত কেইমাহমান ধৰি বহু মাতৃৰ বুকু উদং কৰি সৰু সৰু ল’ৰাক আলফালৈ নিয়া বুলি অভিযোগ উথাপন কৰি দুৰ্ভগীয়া মাতৃগৰাকীয়ে নিজৰ পুত্রক এনেদৰে আলফালৈ নিব পাৰিবনে বুলি আলফাৰ সেনাপ্রধান পৰেশ বৰুৱাক প্রশ্ন উথাপন কৰে ।