কাইলৈৰ পৰা খুলি দিয়া হ’ব মণিপুৰৰ শিক্ষানুষ্ঠানসমূহ

Share

৫ জুলাই,অৰ্থাৎ কাইলৈৰ পৰা খোল খাব মণিপুৰৰ বিদ্যালয়সমূহ।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে সদৰী কৰে এই কথা।মণিপুৰত জনগোষ্ঠীয় সংঘৰ্ষ হোৱাৰ বাবে মে’ মাহৰ প্ৰথম সপ্তাহৰ পৰা বন্ধ হৈ আছিল বিদ্যালয়সমূহ।

যোৱা ৩ মে’ৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা বিদ্যালয়সমূহ বন্ধ হৈ আছিল।আনহাতে ৰাজ্যখনত শান্তি অনাৰ বাবে ৰাজ্যখনত নিয়োগ কৰা হৈছে সেনা আৰু অন্যান্য কেন্দ্ৰীয় বাহিনী।জনগোষ্ঠীয় সংঘৰ্ষ হোৱাৰ বাবে ৰাজ্যখনৰ পাহাৰ আৰু উপত্যকা জিলাসমূহৰ কাষত স্থাপন কৰা বাংকাৰসমূহ আঁতৰাই দিয়া হ’ব।

উল্লেখ্য যে,দুমাহ ধৰি ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক সংঘৰ্ষ হোৱাৰ বাবে ১০০জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহুত লোক আহত হৈছে।ইয়োৰোপৰি বহুতো লোকৰ ঘৰ আৰু উপসনাস্থলী হিংসাত্মক কাৰ্যকলাপৰ ফলত ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে।

মণিপুৰৰ বিদ্ৰোহী সংগঠন ইউনাইটেড পিপলছ ফ্ৰন্ট আৰু কুকি নেশ্যনেল অৰ্গেনাইজেশ্যনে বৰ্তমান কেন্দ্ৰটোৰ সৈতে ছাচপেনচন অৱ অপাৰেচন চুক্তি সন্দৰ্ভত দেওবাৰে কয় যে তেওঁলোকে কাংগুইত অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *