কোকৰাঝাৰ আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত শিক্ষামন্ত্ৰীৰ মন্তব্য

Share

কোকৰাঝাৰ আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকে।জ্ঞান মহোৎসৱত প্ৰশংসা ৰণোজ পেগুৰ।তেওঁ কয় যে শিক্ষা অন্বেষণৰ বাবে নতুন দিশৰ সূচনা কৰিব জ্ঞান মহোৎসৱে।অসমৰ শিক্ষা বাতা-বৰণ সলনি হ’ব আৰু উচ্চ শিক্ষাক অধিক গুৰুত্ব দিয়া হ’ব।

ইয়াৰোপৰি বিটি আৰ এলেকাত ৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুনঃনিৰ্মাণ কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে।এই অনুষ্ঠানত উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বঢ়ো।

তেওঁ কয় যে,জ্ঞান নহ’লে আগবাঢ়ি যাব নোৱাৰিম।বিশ্বৰ সৈতে আগুৱাই যাবলৈ হ’লে জ্ঞানৰ দৰকাৰ।ঋণাত্মক চিন্তাধাৰা বাদ দি ধনাত্মক চিন্তাধাৰাৰে আগুৱাব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *