আনন্দৰাম বৰুৱা বঁটা লাভ কৰা শিক্ষাৰ্থী সকললৈ বিশেষ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

Share
ডিজিটেল ডেস্কঃ মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটাৰ জৰিয়তে লেপটপৰ দিয়া হৈছিল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেপটপৰ সলনি  নগদ ধন দিয়াৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। যাৰ বাবে ইতিমধ্যে শিক্ষাৰ্থীসকলৰ পৰা বিভাগীয় ৱেবছাইটৰ জৰিয়তে নিজৰ নাম, বেংক একাউণ্টৰ সবিশেষ বিচৰা হৈছে। 
উল্লেখ্য যে, ৰাজ্যৰ ২২,৫৯৯ গৰাকী শিক্ষাৰ্থীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব। এইবাৰ লেপটেপৰ বিপৰীতে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলক প্ৰদান কৰিব নগদ ১৬হাজাৰকৈ টকা।শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইটযোগে সদৰি কৰাৰ কয় যে, বেংকৰ তথ্য প্ৰদান কৰা ২৫৪৮ গৰাকী শিক্ষাৰ্থীৰ তথ্যত বিসংগতি পোৱা গৈছে। লগতে যিসকল শিক্ষাৰ্থীয়ে এতিয়াও পঞ্জীয়ন কৰা নাই সেই শিক্ষাৰ্থীসকলক অতি শীঘ্ৰে বেৱছাইটৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *