শিক্ষকৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগু

Share

প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদৰ সৃষ্টিৰ দাবীত প্ৰাথমিক শিক্ষা সন্মিলনীয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্যযোগ্য যে, প্ৰধান শিক্ষক পদৰ সৃষ্টিৰ দাবীত মুখ্যমন্ত্ৰীলৈ ডেৰ লক্ষ গণ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।পিছে শিক্ষক সমাজৰ এই কাৰ্যসূচীৰ কথা অৱগত নহয় শিক্ষামন্ত্ৰী ৰণোজ পেগু।তাৰ বিপৰীতে মন্ত্ৰী গৰাকীৰ বিপৰীত ভাষ্য, যে এদিনত সকলো সমস্যা সমাধান নহয়।পৰ্যায়ক্ৰমে সমস্যা সমাধানৰ বাট মুকলি হৈছে আৰু হৈ থাকিব।

আনহাতে, শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।ইপিনে অৱসৰৰ পিছতো বহু শিক্ষকে পেঞ্চনৰ বাবে এতিয়াও বহুদিন অপেক্ষা কৰি থাকিবলগা হৈছে।তেনে সময়তে মন্ত্ৰী গৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য ,শিক্ষকসকলে শিক্ষাসেতু এপ ব্যৱহাৰ কৰক।যাতে অৱসৰৰ নিৰ্দিষ্ট দিনটোত লাভ কৰিব পাৰে পেঞ্চন।লগতে তেওঁ এই কথাও কয় যে শিক্ষাসেতু এপ ব্যৱহাৰ কৰিলে সমাধান হব শিক্ষকসকলৰ সমস্যা।ইয়াৰ পিছতো যদি কোনো শিক্ষাসেতুত সহযোগ নকৰে তেন্তে ক্ষতি হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *