গুৱাহাটী, ২৬ মাৰ্চঃ ন্যায্য প্রাপ্যৰ দাবীত ২৪ মাৰ্চৰ দিনা হাজাৰ হাজাৰ টেট শিক্ষক সমাজে ৰাজপথ উত্তাল কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল । কিয়নো ,চাকৰি সম্পূৰ্ণৰূপে নিয়মীয়াকৰণ , প্রায় ৩০ মাহৰ অনাদায় বকেয়া ধনৰ লগতে বেংকৰ ঋনৰ সুবিধা প্রদানৰ উদ্দেশ্যেই ১১ মাৰ্চত শিক্ষামন্ত্রী ৰণোজ পেগুৰ সৈতে এক আলোচনাত মিলিত হৈছিল সদৌ অসম প্রাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে । কিন্তু বৈঠকত শিক্ষামন্ত্রীয়ে দিয়া প্রতিশ্রুতি অনুসৰি ১৬ মাৰ্চত বিত্ত মন্ত্রী অজন্তা নেওঁগে দাখিল কৰা বাজেটত টেট শিক্ষকৰ বাবে কোনোধৰণৰ ভাল খবৰ বা ঘোষণা নাছিল যাৰ বাবে তীব্র প্রতিবাদ সাব্যস্ত কৰিছিল সদৌ অসম প্রাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ।
হাজাৰ হাজাৰ টেট শিক্ষকৰ তীব্র আন্দোলনক লৈ ইতিমধ্যে শিক্ষামন্ত্রী ৰণোজ পেগুৱে প্রতিক্রিয়া প্রকাশ কৰিছে । “টেট শিক্ষকে আন্দোলন কিয় কৰিছে বুজি পোৱা নাই” আৰু এই কথা ব্যক্ত কৰিছে শিক্ষামন্ত্রীগৰাকীয়ে ।” নিয়মীয়া শিক্ষকৰ সৈতে একে সা-সুবিধা লাভ কৰাৰ লগতে সমান মৰ্য্যদা লাভ কৰিব টেট শিক্ষকে ।কেৱল টেট শিক্ষকৰ ঠিকাভিত্তিক নামটোহে বেলেগ । “৬০ বছৰ বয়সলৈকে তেওঁলোকে চাকৰি কৰি থাকিব পাৰিব ।তদুপৰি, টেট শিক্ষকৰ মৰগীয়া বানচ বৃদ্ধি কৰি পৰ্য্যায়ক্রমে বিবেচনা কৰা হ’ব বুলি এই মন্তব্য কৰিছে শিক্ষামন্ত্রী ৰণোজ পেগুৱে । লগতে টেট শিক্ষকসকলৰ বাবে চিন্তা – চৰ্চা কৰি আছে বুলি গুৰুত্বপূৰ্ণ বৈঠকত উল্লেখ কৰই বিত্তীয় পৰিকল্পনাৰ বাবে শিক্ষকসকলক ধৈৰ্য্য সহকাৰে অপেক্ষা কৰাৰ আহ্বান জনাইছে শিক্ষামন্ত্রীগৰাকীয়ে ।