ৰাজ্যৰ বিদ্যালয় সমূহলৈ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা জাৰি

Share
১৫ ছেপ্তেম্বৰ/ ANA নিউজ ডেস্কঃ  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় সমূহৰ বাবে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। বিদ্যালয়ৰ যিকোনো অনুষ্ঠানতে অসমৰ জাতীয় সংগীত পৰিৱেশনৰ নিৰ্দেশ শিক্ষা বিভাগৰ। উল্লেখ্য যে, শিক্ষামন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এই সন্দৰ্ভত সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এখন নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠানৰ ৰাতিপুৱাৰ সমাৱেশ আৰু যিকোনো অনুষ্ঠানত আন কোনো প্ৰাৰ্থনাৰ সলনি অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’  পৰিৱেশন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। 

Leave a Reply

Your email address will not be published. Required fields are marked *