শিক্ষা বিভাগ কেতিয়াও  নিৱনুৱা সমস্যা সমাধান কৰা বিভাগ নহয় , শিশুৰ ভৱিষ্যত গড় দিয়া বিভাগহেঃ ৰণোজ পেগু

Share

‘দেশসেৱা যদি কৰিব লাগে ,দেশখনক গড় দিব লাগিব আৰু দেশখনক গড় দিয়া  প্ৰধান অস্ত্ৰটোৱে হৈছে শিক্ষা । শিক্ষাব্যৱস্থা উন্নত কৰিবৰ কাৰণে যিসকলে কাম কৰিছে তাতকৈ ডাঙৰ দেশ সেৱা  একো থাকিবই নোৱাৰে’ ।দিছপুৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত উপস্থিত থাকি ২৮০ গৰাকী বিশেষভাৱে সক্ষম যুৱক-যুৱতীক শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰি এনেদৰে মন্তৱ্য কৰে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে । উল্লেখ্য যে মেডিকেল বৰ্ডে বাছনি কৰি  দিয়াৰ ভিত্তিতহে এই নিযুক্তি দিয়া হৈছে ।ভূৱা প্ৰমাণ পত্ৰৰ বাবে বঞ্চিত হোৱা পৰিলক্ষিত হৈছে বহুকেইগৰাকী  প্ৰাৰ্থী ।

ইতিমধ্যে বিষেষভাৱে সক্ষম হোৱা সত্বেও নিযুক্তি পত্ৰৰ পৰা বঞ্চিত হোৱা বহু প্ৰাৰ্থীয়ে উথাপন কৰিছে অভিযোগ । আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে  -‘৪০ শতাংশ প্ৰতিবন্ধী হ’লেহে এই সংৰক্ষিত চাকৰি পোৱা যায় । সেই  নীতি-নিয়মৰ ওপৰত ভিত্তি কৰিয়েই চাকৰিবোৰ দিয়া হৈছে।যদিহে ইয়াত কাৰোবাৰ সমস্যা অথবা সংশোধন বিচাৰে তেন্তে, বিধানসভা আছে , লোকসভা আছে ।তাতহে কৰিব পৰা যাব । তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে-‘শিক্ষা বিভাগ কেতিয়াও নিৱনুৱা সমস্যা সমাধান কৰা বিভাগ নহয় । শিশুৰ ভৱিষ্যত গড় দিয়া বিভাগহে।ছাত্ৰ – ছাত্ৰীৰ সৰ্বাংগীণ উন্নয়ণৰ বাবে শিক্ষকসকলে চেষ্টা কৰিবই লাগিব’ ।

Leave a Reply

Your email address will not be published. Required fields are marked *