শক্তিপীঠ কামাখ্যা ধামত চলিল ই ডিৰ অভিযান। কামাখ্যা মন্দিৰৰ দেৱোত্তৰ বোৰ্ডৰ বিষয়ববীয়া সকলৰ ৭.৬২ কোটি টকা কেলেংকাৰীৰ অভিযোগত কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ পূৰ্বৰ বিষয়ববীয়া ৰিজু প্ৰসাদ শৰ্মা, প্ৰয়াত ধীৰাজ শৰ্মা, প্ৰয়াত নৱকান্ত শৰ্মাৰ ঘৰত অভিযান চলায় ই ডিয়ে। ২০০৩ চনৰ পৰা ২০১৯ লৈ বোৰ্ডৰ অভিযুক্ত বিষয়ববীয়াসকলে এই বিশাল ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আছে। ই ডিয়ে সদৰী কৰা অনুসৰি ‘কামাখ্যা দেবোত্তৰ বৰ্ডৰ বিষয়ববীয়াসকলে নিজা মালিকাধীন একাউন্টলৈ প্ৰায় ৭.৬২ কোটি টকাৰ লেন-দেন কৰাৰ তথ্য পোৱা গৈছে। ধন আত্মসাত কৰা এই প্ৰাক্তন বিষয়ববীয়াসকলে বৈদ্যুতিক সামগ্ৰী,চিমেন্ট,চাফাই কৰ্ম,ৰাসায়নিক পদাৰ্থ,মানৱ সম্পদ আৰু অন্যান্য সেৱাৰ সামগ্ৰী যোগানৰ বাবে ধনৰ লেন-দেন কৰা বুলি দেখুৱাইছিল। ই ডিৰ এই অভিযানত কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ বিষয়ববীয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত উলিওৱা ১.৮২ কোটি টকাৰ বীমা পলিচি জব্দ কৰে। লগতে দেৱোত্তৰ বোৰ্ডৰ বিষয়ববীয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত থকা ২৭ টাতকৈ অধিক বেংক একাউন্টৰ কথা পোহৰলৈ আহে।