১৬ নৱেম্বৰঃ যোৱানিশা মহানগৰীত এগৰাকী মাতাল যুৱতীৰ উদ্ভণ্ডালি। হাতত মদৰ বটল লৈ উদ্ভণ্ডালি চলালে যুৱতীগৰাকীয়ে। জানিব পৰা মতে, এজন অচিন যুৱকে পামহিৰ পৰা গণেশপাৰালৈ এখন কেব বুক কৰি দিছিল যুৱতীগৰাকীক। কেব চালকজনে যুৱতীগৰাকীক গণেশপাৰালৈ লৈ গৈছিল যদিও সুৰাত মাতাল হৈ নিজৰ ঘৰ পাহৰি যোৱাৰ বাবে কেব চালকজনে তেওঁক গড়চুক থানালৈ লৈ আহে। থানাৰ ভিতৰতে উদ্ভণ্ডালি চলালে মাতাল যুৱতীগৰাকীয়ে।