যুৱ-প্ৰজন্ম আৰু ড্ৰাগছ এক সামাজিক ব্যাধি

Share

প্ৰাণ প্ৰতিমা বড়া দাস,গুৱাহাটী

বৰ্তমান সময়ত ড্ৰাগছৰ ব্যৱহাৰে সামাজিক ব্যাধিৰূপে পৰিগণিত হোৱা দেখা গৈছে ৷ড্ৰাগছৰ কবলত পৰি কিমান অভিভাৱকে নিজৰ সন্তানক হেৰুৱাই দিশহাৰা হৈছে সেইবিষয়ে আমি দৈনিক প্ৰচাৰিত বাতৰিসমূহত দেখিবলৈ পাওঁ ৷বৰ পৰিতাপৰ কথা যে বৰ্তমান উঠি অহা প্ৰজন্মৰ প্ৰায়ভাগ সন্তানেই এতিয়া ড্ৰাগছৰ কবলত ৷ইয়াৰ বাবে হয়তু আমি অভিভাৱক অভিভাৱিকা সকলো দায়ী নহয়নে বাৰু ? আমাৰ সন্তানসকলে কোন সময়ত কি কৰিছে ,কাৰ সংগ লৈছে ,দিনটো ৰাতিটো কেনেদৰে অতিবাহিত কৰিছে এই সকলোবোৰ অভিভাৱক মন দিয়াতো বৰ দৰকাৰী কথা ৷আজিকালি বেছিভাগ ল’ৰাছোৱালীয়ে নিজক পৰিচালিত কৰিব নাজানে ফলত কুকৰ্মৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰো সৰ্বনাশ মাতি আনে ৷

ড্ৰাগছৰ ভিতৰত যেনে হেৰোইন ,কোকেইন,নিকটিন,ব্ৰাউন চুগাৰ আদি বিভিন্ন ধৰণৰ থাকে ৷এয়াৰ সেৱনৰ পিছত ক্ষন্তেক সময়ৰ বাবে সেৱন কৰা জনক ঠিকেই ৰাখে যদিও ইয়াৰ আসক্তিৰ ফলত সেৱনকাৰীসকল একেবাৰে বিষাক্ত ঔষধ লোৱাৰ দৰে হয় ৷যাৰ ফলত ড্ৰাগছ সেৱনৰ ফলত সেৱনকাৰীসকলক মৃত্যুৰ মুখলৈ থেলি নি থাকে ।ফলত ড্ৰাগছসেৱনকাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়াল একোটা দিশহাৰা হৈ পৰে ৷

এনে বিপথে পৰিচালিত সকলক কেতিয়াওঁ সেৱ জ্ঞান কৰিব নালাগে বৰঞ্চ তেওঁলোকক মনোবিজ্ঞানী ,শিক্ষক ,লগৰ সমনীয়া ছাত্ৰছাত্ৰী ,পৰিয়ালৰ বাকি লোকসকলে মানসিকভাৱে বা শাৰিৰীকভাৱে লগত থাকি নিজৰ সন্তান বা ছাত্ৰছাত্ৰীসকলক কাউঞ্চেলিং কৰাৰ লগতে তেওঁলোকক উৎসাহ দিব লাগে যাতে এই বেয়া অভ্যাসৰপৰা আতঁৰি আহিব পাৰে ৷

ড্ৰাগছৰ ব্যৱহাৰ ফলত ইয়াৰ মোনাফা ব্যৱসায়ী সকলে অত্যাধিক লাভ কৰে ৷ড্ৰাগছ সৰবৰাহকাৰী বা ড্ৰাগছৰ ব্যৱসায়ীসকলে এই ব্যৱসায়ত লাখে লাখে টকা মোনাফা আদায় কৰি আহিছে ৷মাথোঁঁ লোকচান কেৱল ড্ৰাগছ সেৱন কৰা সকল লগতে তেওঁলোকৰ অভিভাৱকসকল বা পৰিয়ালৰ লোকসকল ৷উদাহৰণস্বৰূপে ড্ৰাগছ সেৱন কৰা সকলে এনে আসক্তিৰ ফলত নিজৰ লগতে পৰিয়ালৰ লোকসকলকো ধ্বংসৰ পথলৈ থেলি দয়ে ৷এইবোৰৰ ব্যৱহাৰৰ আসক্তিয়ে দৈনিক একোজনক মৃত্যুৰ মুখলৈ লৈ গৈ থাকে অজানিতে ৷এনে ক্ষেত্ৰত আমি সমাজৰ প্ৰত্যেকজন লোকেই সজাগ আৰু সচেতন হবৰ হ’ল ৷এই ধৰণে যাতে কোনো সন্তানে বিপথে পৰিচালিত নহয় সেই সন্দৰ্ভত আমি প্ৰত্যেকজন সচেতন নাগৰিকে সতৰ্ক হোৱাতো অত্যন্ত জৰুৰী হৈ পৰিছে ৷এই ক্ষেত্ৰত সমাজত সজাগতা কৰাব লাগে ৷এনে অপৰাধসমুহ যাতে হ্ৰাস কৰিব পাৰি তাৰ চেষ্টা কৰিব লাগে ৷ড্ৰাগছ সেৱনকাৰীসকলক আমি কেতিয়াওঁ অৱহেলা কৰিব নালাগে ,তেওঁলোকৰ মনোবিজ্ঞানী সকলৰ কাউঞ্চেলিং কৰাব লাগে আৰু পৰিয়ালৰ লোকসকলে তেওঁলোকক মৰম ,আদৰৰ জৰিয়তে তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰিব লাগে যাতে এনে আসক্তিৰ লোকসকলে নিজৰ বেয়া আসক্তিৰ পৰা বাহিৰ ওলাই আহিব পাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *