গুৱাহাটী, ২৮ জানুৱাৰীঃ মহানগৰীত এতিয়াও অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ ভৰলু আৰক্ষীয়ে চলাই ড্ৰাগছ বিৰোধী অভিযান আৰু লাভ কৰিলে বৃহৎ সফলতা। ভৰলু আৰক্ষীৰ এই অভিযানত গ্ৰেপ্তাৰ কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী। মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি লাভ কৰিছে এটাৰ পিছত আনটো সাফল্য। এইবাৰ ভৰলু আৰক্ষীয়ে সক্ষম হ’ল দুজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ।
কালীপুৰ আৰু আদিংগিৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী দুজনক। জিতু দাস আৰু দীপজ্যোতি কলিতা নামৰ এই দুই ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।