৩৫ লাখ মহিলাক স্বাৱলম্বী হৈ কণী – গাখীৰ উৎপাদনৰ আহ্বান ড°শৰ্মাৰ

Share
নিউজ ডেস্ক,২২ আগষ্টঃ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমক দেশৰ শীৰ্ষ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত আত্মসহায়ক গোটৰ এক বৃহৎ উত্থান হ’ব। এই সম্ভাৱনা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্য – মহিলাৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটসমূহে সফলতা লাভ কৰিলে ৰাজ্যৰ ঘৰুৱা উৎপাদনৰে অসমক শীৰ্ষ স্থানলৈ লৈ যাব । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত `সখী এক্সপ্ৰেছ’ ২০২১-২২  বিত্তীয় বিভাগৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত দেওবাৰে আনুষ্ঠানিক ভাৱে ৬,৬৭০ খন স্কুটী বিতৰণ কৰা হয়।
ভাষণত মুখ্যমন্ত্ৰীয়ে গাখীৰ, কণী, খোৱাতেল, শস্য জাতীয় সামগ্ৰীৰ বাবে অসমে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ হ’ব লগা বিষয়টো উল্লেখ কৰি ৰাজ্যৰ ৩.১৮ লাখ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ থকা ৩৫ লাখ মহিলাক উৎপাদন বৃদ্ধিত বিশেষ পদক্ষেপ ল’বৰ বাবে আহ্বান জনায়। তেওঁ কয়, অসমত প্ৰতিদিনে আৱশ্যক হয় ১৮-২০ লাখ কণী। কিন্তু এই হিচাপে সকলো পক্ষকে সামৰি লোৱা নাই। চৰকাৰে মধ্যাহ্ন ভোজনটো কণী দি আহিছে ছাত্ৰ – ছাত্ৰীসকলক। সেই হিচাপে প্ৰতিদিনে অসমক ১ কোটি কণী লাগে । কিন্তু এই পৰিমাণৰ কণী উৎপাদন ৰাজ্যখনে কৰিব পৰা নাই । অসমত ৩.৩০ কোটি লোক আছে। যদি প্ৰতিগৰাকী মহিলাই এটাকৈ কণী উৎপাদন কৰিব পাৰে ,তেন্তে এই অভাৱ আমি পুৰণ কৰিব পাৰিম ।  তেনেদৰে ৰাজ্যখনক আৱশ্যক হয় ৪.৫০ লাখ লিটাৰ গাখীৰৰ। কিন্তু অসমত ১ লাখ লিটাৰ গাখীৰহে উৎপাদন হয়। এই ক্ষেত্ৰত আত্মসহায়ক গোটসমূহে নিজকে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন গোটলৈ উৎপাদন কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত। 
উক্ত অনুষ্ঠানত সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ কে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *