বিদ্যাঞ্জলি আঁচনিক লৈ পুনৰ প্ৰতিক্ৰিয়া ড° শৰ্মাৰ

Share
নিউজ ডেস্কঃ অসমৰ কিছুসংখ্যক পঢ়াশালি পৰ্যাপ্ত সুবিধা, যেনে – বৈদ্যুতিক পাংখা, চকী – মেজ, খুৱাপানীৰ ফিল্টাৰ আদিৰ অবিহনে চলি থকা বিষয়টোক আগত ৰাখি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বিদ্যাঞ্জলি আঁচনিৰ জৰিয়তে এই অভাৱ দূৰ কৰাৰ বাবে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে অৱসৰ প্ৰাপ্ত বিষয়া, ব্যৱসায়ীৰ পৰা সহযোগিতা বিচৰাৰ বাবে বিধায়কলৈ দিয়া পত্ৰৰ পিছতে সৃষ্টি হোৱা বিতৰ্কৰ পিছত সোমবাৰে পুনৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত তেঁও কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত যিখন আঁচনি প্ৰস্তুত কৰিছে, তাৰ প্ৰতি অসমৰ ৰাইজে সম্পূৰ্ণ সহযোগিতা কৰিছে। বিতৰ্ক সৃষ্টি হলেও অসমৰ মানুহৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অসমীয়া মানুহে তেওঁলোকে পঢ়া বিদ্যালয়খনক হিয়া উজাৰি সহায় কৰিব। শিক্ষামন্ত্ৰীয়ে যিখন পত্ৰ দিছে, সেই পত্ৰখন ভাল। ইয়াক লৈ কোনো বিতৰ্ক হ’ব নালাগে। পত্ৰখনৰ জৰিয়তে তেঁও পঢ়ি অহা বিদ্যালয়খনত সহায় কৰিবলৈ আবেদন জনাইছে । এনে আবেদনত কি বিতৰ্ক আছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *