মাৰ্কিন ৰাষ্ট্ৰপতিৰ নতুন স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টাৰূপত অসম সন্তান ড॰ ৰূপম শৰ্মা

Share

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ ৱাইদেনৰ এক নতুন স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিৰ্বাচিত হৈছে অসমৰ সন্তান ড॰ ৰূপম শৰ্মা। ড॰ ৰূপম  শৰ্মা আমেৰিকাৰ হোৱাইট হাউছৰ ইনোভেছন ফেলো হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া। স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে দায়িত্বভাৰ লোৱাৰ পিছতেই যোৱা  ১০ এপ্ৰিলত ৱাশ্বিংটন ডি চিত শপত গ্ৰহণ কৰে ড॰ ৰূপম শৰ্মাই। অহা ১৪ এপ্ৰিলত ৰঙালী বিহু দিনা আনুষ্ঠানিকভাৱে ৰূপম শৰ্মাক উপদেষ্টাৰূপে আদৰণি জনাব হোৱাইট হাউছত। 

উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি জ’ ৱাইদেনে “এডভান্স ৰিচাৰ্ছ প্ৰজেক্টছ এজেন্সি ফৰ হেল্থ” চমুকৈ ARPA (H) নামৰ এই নতুন সংস্থাটো  কেন্সাৰ, এলজেইমাৰ, ডায়েবেটিছ তথা অন্যান্য ৰোগ নিৰ্মূলৰ বাবে গঠন কৰিছে। আৰু ড॰ ৰূপম শৰ্মাই মূল সংস্থা নেচনেল ইন্সটিটিউট অৱ হেল্থ (NIH)ৰ অধীনত ARPA(H)ৰ মুখ্য তথ্য বিষয়া আৰু প্ৰেছিডেন্সীয়েল জ্যেষ্ঠ উপদেষ্টাৰ ভূমিকাত অংশ গ্ৰহণ কৰিব। 

ড॰ শৰ্মা এই নিযুক্তিৰ পূৰ্বে কেলফনিৰ্য়াৰ স্বাস্থ্য উন্নয়ন সেৱাৰ মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও ডাটা আধুনিকীকৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বাস্থ্য গৱেষণা ক্ষেত্ৰত সেৱা আগবঢ়াইছিল। তেওঁ কেৱল বিজ্ঞান প্ৰযুক্তি, স্বাস্থ্য খণ্ডতেই নহয়, চলচ্চিত্ৰ আৰু সংগীত জগতটো উল্লেখনীয় অৱদান আগবঢ়াই। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *