আমেৰিকাৰ TIME আলোচনীত স্বীকৃতি প্ৰদান ড০ পূৰ্ণিমা দেৱী বৰ্মনক

Share

বিশ্ব দৰবাৰত সন্মান লাভ অসমীয়া মহিলাৰ। টাইম আলেচনীৰ woman of the year ৰ বঁটা প্ৰদান ড০ পূৰ্ণিমা দেৱী বৰ্মনক।  আমেৰিকাৰ টাইম আলোচনীত  প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে স্বীকৃতি লাভ কৰিলে অসমৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ তথা সংৰক্ষণবিদ ড০ পূৰ্ণিমা দেৱী বৰ্মনে। ICUN( International Union For Conservation of Nature)ৰ তালিকাত এক বিপন্ন প্ৰাণী হিচাপে চিহ্নিত হাড়গিলা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বৰ্তমান পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে হাড়গিলাৰ সংখ্যা। যাৰ বাবে তেওঁক প্ৰদান কৰা হৈছে এই সন্মান। উল্লেখ্য যে বিশ্বজুৰি ইতিবাচক পৰিৱৰ্তন ঘটোৱা মহিলাসকলক প্ৰদান কৰা হয় এই সন্মান। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পৰিৱেশ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানত বিশেষজ্ঞতা লাভ কৰে। তেখেতে ২০০৭ চনত ডক্টৰেট ডিগ্ৰী অৰ্জনৰ বাবে গৱেষণা আৰম্ভ কৰে যদিও গ্ৰামাঞ্চলত হাড়গিলা সম্প্ৰদায় সংৰক্ষণ শিক্ষাৰ ওপৰত গুৰুত্ব অধিক দিয়াৰ বাবে তেওঁৰ গৱেষণা স্থগিত ৰাখি ২০১৯ চনত তেখেতে গৱেষণা কাৰ্য সমাপ্ত কৰে।

ড০ বৰ্মনে প্ৰতিস্থা কৰা হাড়গিলা আৰ্মী নামৰ গোটৰ সহায়তেই তেখেতে ২০০৭ বৰ্ষৰ পৰা হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰি আহিছে। তেওঁৰ ওই গোটত সামগ্ৰীকভাৱে প্ৰায় ২০,০০০ ৰ অধিক মহিলা নিয়োযিত হৈ আছে। সাংবাদিকেৰে হোৱা এক মত বিনিময়ত তেওঁ প্ৰকাশ কৰে যে,TIME আলোচনীয়ে তেওঁক প্ৰদান কৰা এই স্বীকৃতি অসমবাসী ৰাইজৰ বাবে এক বিজয়ৰ মুহূৰ্ত। তেখেতৰ এই হাড়গিলা সংৰক্ষণৰ যাত্ৰা বাধাৰে ভৰা আছিল। তেওঁৰ এই কামৰ বাবে TIMEএ প্ৰদান কৰা স্বীকৃতি সচাকৈয়ে স্মৰণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *