জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৈপ্লৱিক চেতনাৰ প্ৰকাশ লভিতা নাটকৰ অভিজিত ভট্ৰাচাৰ্যই বিকৃত ৰূপত দিয়া নাট্য ৰূপক তীব্ৰ বিৰোধিতা কৰিছে ড হীৰেন গোহাঁই । জ্যোতিপ্ৰসাদে লভিতাৰ যোগেদি নাট্যৰসৰ উপৰি ক্ৰান্তিকাৰী চেতনাৰে উদ্ৱোৱ্ধ কৰি স্বাধীনতা আন্দোলনক নতুন গতি গিবলৈ চেষ্টা চলাইছিল । যাৰ বাবে তেওৰ প্ৰমাস্পদ গোলাপক তথাকথিত সমাজৰ দোহাই দি তাৰ নিজৰ দায়িত্ব এৰাই চলা কাপুৰুষালিৰ বাবে ককৰ্থনাৰে থকাসৰকা কৰিছিল ।লভিতাই গোলাপক কৰা ককৰ্থনাৰে সংলাপেৰে বিবেক জোকাৰি নাটকখনকে বৈপ্লৱিক চেতনাৰ দলিল ৰূপ দিছিল ।
যদি আৱাহন থিয়েটাৰে অসমৰ জ্যোতিপ্ৰসাদ অনুৰাগী সকল জ্যোতিপ্ৰসৱাদৰ পৰিয়াল বৰ্গৰ আবেদন নাকচ কৰি নাটকখনৰ পৰা জ্যোতিপ্ৰসাদৰ নামগোন্ধ আৰু মুল লভিতা নাটকৰ সকলো চিন আতৰাই নিদিয়ে তেতিয়া প্ৰমাণ হব যে শাসকীয় গোষ্ঠিৰ নিৰ্দেশত অসমৰ সাংস্কৃতিক সম্পদসমুহ নষ্ট কৰিবলৈ এই ভ্ৰাম্যমান থিয়েটাৰৰ কোনো কুন্ঠাবোধ নাই । অতি শীঘ্ৰে এই কাম নকৰিৰে নিম্নৰুচীৰ এই নাটকখন সুস্থ, সাংস্কৃতিবান সকনো দৰ্শকে বৰ্জন কৰাটো সময়ৰ জৰুৰী আহ্বান ।