হাতুৰী মাৰি চৰ্চাত ড° হিমন্ত বিশ্ব শৰ্মা! কিয় চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী গৰাকী

Share
নিউজ ডেস্ক, ২৬ আগষ্টঃ২০০৩ চনতে গুৱাহাটী উন্নয়ন মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ৰে পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোন আছিল কাছাৰী ঘাটৰ ওচৰে-পাঁজৰে থকা নদীমুখ ক্ষেত্ৰৰ সৌন্দৰ্য্যবৰ্ধনৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰলৈ ৰূপায়ণ কৰা। সেই উদ্দেশ্যে,পুৰণি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় ভৱনটো ভাঙি পেলায়। এই কথা সামাজিক মাধ্যমত সদৰি কৰিলে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। পুৰণি কামৰূপৰ উপায়ুক্ত কাৰ্যালয় স্থানান্তৰ কৰা হল হেঙেৰাবাৰীলৈ । “এই অঞ্চলটোৰ লগতে ইয়াৰ আশে পাশে থকা ব্ৰহ্মপুত্ৰৰ কাষৰীয়া স্থানসমূহৰ কাম সমূহ সম্পূৰ্ণ হ’লে জনসাধাৰণৰ সেৱাত উচৰ্গা কৰা হ’ব” বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । লগতে উপায়ুক্ত কাৰ্যালয়টো হেঙেৰাবাৰীলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কামৰূপ মহানগৰ জিলাৰ মাননীয় উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *