ৰাজ্য চৰকাৰৰ দীপাৱলীৰ উপহাৰ, গৃহৰক্ষী জোৱানৰ দৈনিক ভাট্টা ৩০০ টকাৰ পৰা ৭৬৭ টকালৈ বৃদ্ধি

Share
নিউজ ডেস্ক, এতিয়াৰে পৰা একোজন হোমগাৰ্ডে মাহেকত লাভ কৰিব ২৩,০১০ টকাকৈ। গৃহৰক্ষী বাহিনীৰ জোৱানসকললৈ পোহৰৰ উৎসৱ প্ৰাকক্ষণত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উপহাৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে গৃহ বিভাগে গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি কৰিছে।
উল্লেখ্য যে, ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে দৈনিক ভাট্টা বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছিল। ৰাজ্য চৰকাৰে এই বিষয়ত সহাৰি জনাই গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা বৃদ্ধিৰ বাবেই এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । প্ৰাথমিক প্ৰশিক্ষণ সমাপ্ত কৰা গৃহৰক্ষী বাহিনীৰ একোজন জোৱানে দৈনিক ৩০০ টকা আৰু উন্নত প্ৰশিক্ষণ সমাপ্ত কৰা জোৱান এজনে দৈনিক ৩১৫ টকাকৈ লাভ কৰি আহিছিল। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহৰক্ষী বাহিনীৰ প্ৰায় ২৪ হাজাৰ গৰাকী জোৱান উপকৃত হোৱাৰ লগতে একোজন জোৱানৰ মাহিলী পাৰিতোষিক ২৩ হাজাৰ ১০ টকালৈ বৃদ্ধি পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *