প্ৰসিদ্ধ নৃত্য শিল্পী তথা মডেল হিচাপে দেশ বিদেশত পৰিচিত ডঃ দীপালী দাসৰ দেহাৱসান

Share

নিউজ ডেস্ক,  এগৰাকী সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা, নৃত্য শিল্পী, মডেল হিচাপে দেশ বিদেশত পৰিচিত ডঃ দীপালী দাসৰ দেহাৱসান । মংগলবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । গুৱাহাটীৰ জুৰোডৰ নিৱাসী ডঃ দীপালী দাস বিগত ছমাহ ধৰি যকৃতৰ জটিল ৰোগত ভুগি আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ।

দক্ষিণ কামৰূপ মহাবিদ্য়ালয়ৰ প্ৰাণী বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ দীপালী দাস অসমৰ নাৰী সৱলীকৰণ আন্দোলনৰ অন্য়তম নেত্ৰী আছিল । তেওঁৰ মৃত্যুৰ খৱৰে দক্ষিণ কামৰূপ মহাবিদ্য়ালয়ৰ শিক্ষাৰ্থীসকলৰ মাজতো গভীৰ শোকৰ ছাঁ পেলাইছে । মংগলবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য় সম্পন্ন কৰা হয় ।মৃত্যুৰ সময়ত তেখেতে স্বামী অৱসৰপ্ৰাপ্ত অনুপ চক্ৰৱৰ্তী, দুজন পুত্ৰ, বোৱাৰীৰ লগতে আত্মীয় স্বজনক এৰি যায় ।

ডঃ দীপালী দাস এগৰাকী লেখিকা, অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰসিদ্ধ নৃত্য শিল্পী আছিল । ডঃ দীপালী দাসে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ আফ্ৰিকা, ছিংগাপুৰ আৰি বাংলাদেশতো সন্মান বুটলিবলৈ সক্ষম হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *