শ্ৰীলংকাস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ নতুন সঞ্চালক ড৹ অংকুৰণ দত্ত

Share

শ্ৰীলংকাস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ নতুন সঞ্চালক পদত নিযুক্তি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্য়াপক ড৹ অংকুৰণ দত্তক। ভাৰত পৰিক্ৰমা মন্ত্ৰনালয়ৰ অধীনত অধ্য়াপকগৰাকীক এই দায়িত্ব প্ৰদান কৰে। তেওঁ  এই পদত নিযুক্তি লাভ কৰা দ্বিতীয়জন অসমীয়া, ইয়াৰ পূৰ্বে বিশিষ্ট লিখক অৰুপ কুমাৰ দত্তই ভাৰতীয় সাংস্কৃতিক পৰিষদৰ অধীনত ইণ্ডোনেছিয়াত কেন্দ্ৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অংকুৰণ দত্তই বিভিন্ন সময়ত ভাৰতক আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিনিধিত্ব কৰিছে আৰু  লগতে বৈদ্য়ুতিক মাধ্য়ম হিচাপে কমিউনিটী ৰেডিঅ ব্য়ৱহাৰ কৰি বিজ্ঞান জনপ্ৰিয়কৰণত কাম কৰা তেখেত হৈছে প্ৰথমজন অসমীয়া বিজ্ঞান সংযোগকাৰী। বিজ্ঞান, প্ৰযুক্তি, দুৰ্যোগ আৰু স্বাস্থ্য় সংযোগৰ ক্ষেত্ৰতো অন্য়বদ্য় অৱদানৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ২০১৮ বৰ্ষৰ বিজ্ঞান সংযোগৰ ৰাষ্ট্ৰীয় সন্মানৰ বাবে তেখেতক মনোনীত কৰিছিল ।   

Leave a Reply

Your email address will not be published. Required fields are marked *