হোমৱৰ্ক নকৰাকৈ সকলো বিষয়ত মাত মাতিব নালাগে ! কেজৰিৱালক ধৰাশায়ী হিমন্ত বিশ্বৰ, এক প্ৰকাৰ জোকৰ মূখত চূণ দিলে হিমন্ত বিশ্ব শৰ্মাই, টুইটাৰত দুই মুখ্যমন্ত্ৰীৰ বিতৰ্ক

Share
ডিজিটেল ডেস্কঃ অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য প্ৰদৰ্শন কৰা ৩৪ খন বিদ্যালয় বন্ধ কৰিব ৰাজ্য চৰকাৰে। এতিয়া এই কথাটোক লৈ টুইটাৰযোগে চলিছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ ।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অসমত একাংশ বিদ্যালয় বন্ধ কৰা তথা আন বিদ্যালয়ৰ লগত একত্ৰিত কৰাক লৈ দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰযোগে লিখিছিল, ” স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয়। আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন।
তাৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালৰ টুইটাৰযোগে প্ৰত্যুত্তৰ দি লিখিছিল,” আপুনি কোনো এটা বিষয়ত হোমৱৰ্ক নোহোৱাকৈ মন্তব্য দিয়ে। শিক্ষা মন্ত্ৰী হিচাপে মোৰ দিনত এতিয়ালৈ অসম চৰকাৰে ৮৬১০খন নতুন স্কুল স্থাপন কৰিছে।”
পিছত কেজৰিৱালে শৰ্মালৈ টুইটযোগে লিখিলে, “মই অসমলৈ যাম, কওক কেতিয়া যাব লাগে? মোক আপুনি শিক্ষাখণ্ডৰ ভাল কামবোৰ দেখুৱাব। আপুনি দিল্লীলৈ আহক, মই মোৰ ভাল কামবোৰ দেখুৱাম।’’

Leave a Reply

Your email address will not be published. Required fields are marked *