বিজেপিৰ পৰা ভয় নাখাব, বিজেপিয়ে জনতাক ভয় খুৱায়ঃ ভগৱন্ত মান

Share

দেওবাৰে ভৰলুমুখৰ সোণাৰাম হাইস্কুলৰ খেলপথাৰত আম আদমী পাৰ্টীৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। গামোচা , জাপি, শৰাইৰে আদৰণি  জনায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ভাৰত মাতা কি জয়ৰে তেওঁৰ ভাষণ  আৰম্ভ কৰে ।যি দেশত ৰজা বেপাৰী সেই দেশত জনতা ভীক্ষাৰী বুলি উল্লেখ কৰি  যি সকল জে’লত যাব লাগিছিল তেওঁলোক এতিয়া ৰেলত বুলি মন্তব্য কৰে। ” বিজেপিক এইবাৰ কোনেও ভোট নিদিয়ে  সংবাদ মাধ্যাম এতিয়া বিজেপিৰ পকেটত। যিমান পাৰে দুৰ্নীতি কৰি লওঁক, যিমান পাৰে টকা লুটি লওঁক, কিন্ত এটা কথা মনত ৰাখিব মৃত্যুৰ পিছত টকা নিবলৈ কফিনত পকেট নাথাকে ” বুলি পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । 

শেষত মুখ্যমন্ত্ৰী মানে কয় যে, “পদুম বোকাত ফুলে, আমি ঝাড়ুৰে বোকা চাফা কৰিলোঁ, দিল্লী আৰু পঞ্জাৱৰ পৰা বোকাৰ পৰা পদুম চাফা কৰিলোঁ। আমি বিজেপিৰ এ বা বি টীম নহয়। আমি ৰাইজৰ টীম আৰু ৰাইজৰ পক্ষত আছোঁ। বিজেপিৰ পৰা ভয় নাখাব, বিজেপিয়ে জনতাক ভয় খুৱায়।”

 

Leave a Reply

Your email address will not be published. Required fields are marked *