মধুৰিআমৰ উপকাৰিতা সন্দৰ্ভত আপুনি জানেনে? জানিলে আজিয়েই আপোন কৰি ল’ব এইবিধ ফল ৷ মধুৰিআম খালে কি উপকাৰ হয় আজিয়েই জানক:
মধুৰিআম এইবিধ সুস্বাদু ফলৰ বিপৰীতে ফলবিধৰ পৰা আমি বহুত উপকাৰ পাওঁ।
১) কেলচিয়ামৰ পৰা ফছফৰাছ,খাদ্যৰ বিভিন্ন উপাদান থাকে এই ফলত । ইয়াৰ উপৰি থাকে প্রচুৰ পৰিমাণৰ ভিটামিন চি । ফলত ৰোগ প্রতিৰোধ শক্তি বৃদ্ধিত কামত লাগে মধুৰিআম।
২) ডায়েবেটিছ নিয়ন্ত্রণতো কামত লাগে মধুৰিআম । কাৰণ মধুৰিআমত বহুখিনি ফাইবাৰ আছে । যিয়ে শৰীৰৰ পৰা অতিৰিক্ত চেনি শোষন কৰিব পাৰে।
৩) মধুৰিআমত আছে প্রচুৰ পৰিমাণে ভিটামিন-এ।ফলত দৃষ্টিশক্তি বৃদ্ধিতো সক্ষম এই ফল।
৪) ৰক্তচাপো নিয়ন্ত্রণ কৰিব পাৰে মধুৰিআমে । ইয়াত আছে প্রচুৰ পৰিমাণে পটাচিয়াম। যিয়ে হৃদযন্ত্রৰ যত্ন লয়।
৫) মধুৰি আমত আছে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা। পেটৰ কোনো ৰোগৰ সময়ত ই সহায় কৰিব পাৰে বীজাণুৰ সৈতে যুঁজিবলৈ। ফলত ডায়েৰিয়াৰ দৰে বেমাৰ হ’লেও সহায় কৰে মধুৰিআমে৷