উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত দুই বনকৰ্মী

Share
এটাৰ পাছত এটাকৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত। সাৰ যাব পৰা নাই কোনো দুৰ্নীতি নিবাৰক শাখাৰ জালৰ পৰা । ক্রমাৎ যেন শক্তিশালী হৈ উঠিছে মুখ্যমন্ত্রীৰ শূন্য সহনশীল নীতি দুৰ্নীতি নিবাৰক শাখা। দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্যৰে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । এইবাৰ পিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুই বনকৰ্মী। এজন ভুক্তভোগীৰ পৰা ২০,০০০ টকাৰ উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিলে দুই বনকৰ্মীক।
বনকৰ্মী দুগৰাকী হৈছে কামিনী নাৰ্জাৰী আৰু প্রবীণ ব্রক্ষ্ম। উল্লেখ্য যে, ৫০ হাজাৰৰ পৰা দাবী কৰা ধনৰ পৰিমাণ হ’লগৈ ৪০ হাজাৰ।দাবী কৰা ধনৰ পৰিমাণ দিবলৈয়ো বিপদত পৰিল ভুক্তভোগী। কিন্তু এনেকৈয়ে দৰ-দাম চলি থকাৰ পাছতে শুকুৰবাৰে ২০ হাজাৰ টকাৰ দাবী কৰিলে বনকৰ্মী কামিনী নাৰ্জাৰীয়ে ।কিন্তু ২০ হাজাৰ টকা দিবলৈ যোৱাৰ আগতে ভুক্তভোগীয়ে ফোন কৰিছিল দুৰ্নীতি নিবাৰক শাখাক । তাৰ পাছতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি হাতে-লোটে গ্ৰেপ্তাৰ হ’ল দুই বনকৰ্মী কামিনী নাৰ্জাৰী আৰু প্রবীন ব্রক্ষ্ম।

Leave a Reply

Your email address will not be published. Required fields are marked *