ড০ হীৰেন গোহাঁইৰ পাচঁজনীয়া গোটক সদনৰ মজিয়াত মুকলিকৈ তুচ্ছ-তাচ্ছিল্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ড০ হীৰেন গোহাঁইৰ উদ্যোগক লক্ষ্যণীয়ভাৱে নেতিবাচক বুলি আখ্যা দিয়া নাই। ড০ গোহাঁয়ে নেতিবাচক শক্তিক লৈ ইতিবাচক প্ৰয়াস কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। ২০৩০ চনলৈ অসমৰ ৰাজনীতিত কংগ্ৰেছে বনবাসত থাকিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ শাসক দলৰ সভাপতিগৰাকীৰ। তেখেতে এই কথাও উল্লেখ কৰে যে ড০ গোহাঁইৰ প্ৰয়াস ইতিবাচক কিন্তু তেওঁৰ এই ইতিবাচক প্ৰয়াসত তেওঁৰ সংগীসকল নেতিবাচক আৰু নেতিবাচক শক্তিৰ লগত থাকি কেতিয়াও ইতিবাচক চিন্তা কৰিব নোৱাৰি। বিজ্ঞান আৰু গণিতত নেতিবাচক + নেতিবাচক= ইচিবাচক হয়। কিন্তু ৰাজনীতিত ইয়াৰ ওলোটা ইতিবাচক+ইতিবাচক=ইতিবাক হয়। ড০ গোহাঁইৰ নেতিবাচক প্ৰয়াসৰ ফলাফল ইতিবাচকে ওলাব। যিহেতু ২০১৬ৰ পৰা মুঠ বাৰটা নিৰ্বাচনত অসমত কংগ্ৰেছ পৰাজিত হৈছে সেই গতিকে ২০২৬ৰ নিৰ্বাচনত অসমৰ ৰাজনীতিত কংগ্ৰেছ পৰাভূত হ’লে ১৪ বছৰৰ বাবে বনবাসত থাকিব লাগিব কংগ্ৰেছ। বিৰোধীয়ে কংগ্ৰেছৰ মহাপাপৰ প্ৰয়াশ্চিত্তৰ বাবে আৰু বহু অপেক্ষা কৰিব লাগিব।