২৮ মাৰ্চত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এক নিৰ্দেশন যোগে অসম আৰক্ষীৰ ডি আই জি প্ৰশাসন পাৰ্থ সাৰথি মহন্তক এক বিশেষ দায়িত্ব অৰ্পণ কৰে। ডি আই জি পাৰ্থ সাৰথি মহন্তক অতিৰক্তভাৱে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ ডি আই জিৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰাজ্য চৰকাৰে জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি পাৰ্থ সাৰথি মহন্তই বৰ্তমানৰ দায়িত্বৰ লগতে অতিৰিক্তভাৱে বিশেষ টাস্ক ফ’ৰ্চৰ দায়িত্ব চম্ভালিবলৈ দিয়া হৈছে।
ফেব্ৰুৱাৰী মাহত পাৰ্থ সাৰথি মহন্ত গুৱাহাটী যুটীয়া আৰক্ষী আয়ুক্ত পদৰ পৰা বদলি কৰি উপ- মহাপৰিদৰ্শক প্ৰশাসন হিচাপে নিযুক্তি দিয়ে। পূৰ্বে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল পাৰ্থ সাৰথি মহন্ত। উল্লেখ্য যে উক্ত পদতো ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে সৃষ্টি কৰিছে।
আৰক্ষী বিষয়া গৰাকী দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা পৰৰ্ৱতী আদেশ লৈকে পাৰ্থ সাৰথি মহন্তই ডি আই জি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব।