নিৰুপমা বৰগোহাঞিক ডি-লিট উপাধি প্ৰদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

Share

বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁৰ গুৱাহাটীৰ বাসগৃহত আনুষ্ঠানিকভাৱে ডি-লিট উপাধি প্ৰদান কৰে । উপাচাৰ্য্য অধ্যাপক জিতেন হাজৰীকাই বিশ্ববিদ্যালয়ৰ হৈ সাহিত্যিক গৰাকীক এই সন্মান প্ৰদান কৰে।  লগতে এই অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ° পৰামনন্দ সোণোৱালো উপস্থিত থাকে । উল্লেখযোগ্য যে ৩মে’ ত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৰ্ৱতনত সাহিত্যিকগৰাকীক এই সন্মান প্ৰদান কৰা কথা আছিল যদিও তেওঁৰ বিশেষ স্বাস্থ্যজনিত সমস্য়াৰ বাবে প্ৰদান কৰিব পৰা নাছিল সন্মানটি ।সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁৰ গুৱাহাটীৰ বাসগৃহত আনুষ্ঠানিকভাৱে ডি-লিট উপাধি প্ৰদান কৰাৰ পিছতে সাহিত্যিকগৰাকী আনন্দিত হৈ পৰিছিল ।

এইগৰাকী মহান সাহিত্যিক একেধাৰে গল্পকাৰ , ঔপনাসিক আৰু ফ্ৰীলান্স আৰু সাংবাদিকৰূপে প্ৰসিদ্ধ। লগতে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে  জীৱনৰ শেষ বয়সত বিশ্ববিদ্যালয়ে দিয়া এই সন্মানটোৱে মোৰ জীৱনৰ সৰ্ববৃহৎ স্বীকৃতি বুলি ।

Leave a Reply

Your email address will not be published. Required fields are marked *