ডিব্ৰুগড়ৰ কেবিনেটত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Share

সোমবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ সৰ্বাংগীণ বিকাশ নিশ্চিতকৰণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ প্ৰশাসনিক কাম কাজ, আন্ত গাঁথনিমূলক উন্নয়ন , যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণকে ধৰি বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্ত অনুসৰি মূখ্য়মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ বাবে দুই হাজাৰ কোটি টকাৰ বিভিন্ন আঁচনি অনুমোদনত সন্মতি প্ৰদান কৰে ।তেওঁ ডিব্ৰুগড়ত ৰাজ্যৰ মূখ্যমন্ত্ৰী সচিবালয়ৰ এটা স্থায়ী কাৰ্যালয়ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চিকিৎসা মহাবিদ্যালয়ত এটা ৮ মহলীয়া ষ্টাফ কোৱাৰ্টাৰ নিৰ্মাণৰ বাবে ৩০০ কোটি টকাৰ ব্যয়ত অনুমোদন জনায়। সেইদৰে ১৫০০ আসন যুক্ত এটা ষ্টেট অৱ আৰ্ট কনভেনশ্যনেল প্ৰেক্ষাগৃহ নিৰ্মাণ, লগতে  ৩ খন নতুন ফ্লাই অভাৰ , ৫ খন নতুন দলং নিৰ্মাণৰ লগতে কেইবাটাও পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, অসম চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এপ্লাইড চাইকলজি আৰু ভোগোল বিষয়ৰ নতুন স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ ক্ষেত্ৰৰ উক্ত বৈঠকখনত অনুমোদন জনায়। ইয়াৰ উপৰিও ডিব্ৰুগড় জিলাক সামৰি ব্ৰহ্মপুত্ৰৰ কাষৰিয়া অঞ্চলৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে আগবঢ়োৱা ৪৫০ কোটি টকাৰ প্ৰকল্পৰ ক্ষেত্ৰত অনুমোদন জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *