দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে দুৰ্নীতি।আজি আৰক্ষীৰ এক অভিযানত বৃহ९ পৰিমাণৰ নকল ভাৰতীয় টকাসহ দুজনকৈ নকল নোট সৰবৰাহকাৰী জালত পৰা বুলি জানিব পৰা গৈছে।ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা নিৰ্মীয়মাণ ধুবুৰী ফুলবাৰী দলঙৰ সমীপত এই ঘটনা সংঘটিত হয়।জানিব পৰা অনুসৰি এক গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল দাসৰ নেতৃত্বত নিৰ্মীয়মান সেই দলংখনৰ সমীপৰ এটা অঞ্চলত আৰক্ষীৰ এটি দলে অভিযান চলাই দুজন ব্যক্তিৰ পৰা ৯৯ হাজাৰ নকল ভাৰতীয় টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ধৃত সেই ব্যক্তি দুজন দক্ষিণ শালমাৰাৰ ফুলকাকাটা তৃতীয় খণ্ডৰ হজৰত আলী আৰু ম’কছেদ আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰক্ষীয়ে।
গুৰুত্বপূৰ্ণ বিষয় যে,আগন্তুক কালীপূজা আৰু দীপাৱলীৰ আগমূৰ্হত্তত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা বৃহ९ পৰিমাণৰ নকল ভাৰতীয় টকা উদ্ধাৰ হোৱাটো বিশেষ তা९পৰ্য্যবাহী ৰূপে পৰিগণিত হৈছে।এতিয়া আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত কিমান কঠোৰ হব সেইয়া পৰৱৰ্তী কালত লক্ষণীয় হ’ব।