অমৃত ভাৰত ষ্টেচনলৈ উন্নীত হ’ব ধেমাজি ৰে’ল ষ্টেচন

Share

উন্নীতকৰণৰ পথত ধেমাজি ৰে’ল ষ্টেচন ।অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৬০টা নিৰ্বাচিত ষ্টেচন বিশ্বমানৰ আধুনিক সা-সুবিধাৰে পুনঃবিকশিত হ’ব ।উক্ত আঁচনিৰ অধীনত বিকাশ হ’বলগীয়া ষ্টেচনসমূহৰ ভিতৰত অন্যতম হৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত ধেমাজি ৰে’ল ষ্টেচন।৬.৩৪ কোটি টকা ব্যয়ৰে ষ্টেচনটো এক নতুন ৰূপত সজাই তোলাৰ বাবে আৰু যাত্ৰীসকলৰ সুবিধাৰ্থে বৰ্তমানৰ সা-সুবিধাৰ সৈতে সংযোজিত হ’ব শীত-তাপ নিয়ন্ত্ৰণ প্ৰতীক্ষাকক্ষৰ।সেই উদ্দেশ্যে ষ্টেচন ভৱনটোৰ সন্মুখভাগ বৰ্তমানৰ তুলনাত অধিক সম্প্ৰসাৰিত কৰা হ’ব।ইয়াৰুপৰি যাত্ৰীসকলৰ বাবে বিনামূলীয়া ৱাই-ফাই,অন্যান্য আধুনিক সা-সুবিধা যেনে-লিফ্ট, এস্কেলেটৰ, এগজিকিউটিভ লাউঞ্জ আৰু লেণ্ডস্কেপৰ লগতে ব্যৱসায়িক বৈঠকৰ বাবে নিৰ্ধাৰিত স্থানৰো ব্যৱস্থা কৰা হ’ব।ইয়াৰ লগতে পুৰুষ আৰু মহিলা যাত্ৰীসকলৰ বাবে পৃথকে পৃথকে শৌচাগাৰ ব্লক নিৰ্মাণ কৰা হ’ব।উল্লেখ্য যে,অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত, ধেমাজি ৰে’ল ষ্টেচনৰ বিকাশৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে ইতিমধ্যে ষ্টেচন ভৱনটোৰ ফাউণ্ডেচনৰ কাম আৰম্ভ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *