তৃতীয়,চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ দুষ্টচক্রক সকীয়নি DGP ভাস্কৰজ্যোতি মহন্তৰ 

Share
সমাগত তৃতীয়,চতুৰ্থ বৰ্গৰ পৰীক্ষা । ২১ আৰু ২৮ তাৰিখে অনুষ্ঠিত হ’ব তৃতীয়,চতুৰ্থ বৰ্গৰ পৰীক্ষা। ইতিমধ্যে পৰীক্ষাক লৈ ততপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। লক্ষ্য সম্পূৰ্ণ নিকা-স্বচ্ছভাৱে নিবনুৱাসকলক চাকৰি প্রদান কৰা ।কিছুদিন পূৰ্বেই দুষ্টচক্রই প্রশ্নকাকত ভাইৰেল কৰাক লৈ তোলপাৰ লগা পৰিলক্ষিত হৈছিল সমগ্ৰ ৰাজ্যতে। তেনে পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ।সমান্তৰালকৈ পৰীক্ষাক লৈ কঠোৰ হৈছে প্রশাসন বিভাগ । দুষ্টচক্রক সকীয়নি প্রদান কৰি মন্তব্য কৰিলে DGP ভাস্কৰজ্যোতি মহন্তই –  ‘বহুলাখ পৰীক্ষাৰ্থীয়ে তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষা দিব। পৰীক্ষা দিব। পৰীক্ষা পতাখিনি লগতে দিয়াখিনি ,আৰক্ষীয়ে হওঁক, ডিচি ষ্টাফ, ছেবাৰ কৰ্তৃপক্ষই হওঁক কোনোৱে যাতে অন্যায় নকৰে। অন্যায় কৰিলে ধৰা পৰিবই আৰু ধৰা পৰিলেই জেল খাবই’ ।

Leave a Reply

Your email address will not be published. Required fields are marked *