অযোধ্যা ৰাম মন্দিৰৰ ভক্তৰ ভিৰৰ বুজ ললে যোগী আদিত্যনাথে

Share

অধিৰ আগ্ৰহেৰে বাট চাই থকা ৰামভক্তসকলৰ বাবে অৱশেষত মুকলি কৰি দিয়া হল ৰাম মন্দিৰৰ দুৃৱাৰ ৷ এই ৰাম মন্দিৰ দৰ্শনৰ বাবে  অযোধ্যাত অসংখ্য ভিৰ পৰিলক্ষিত হয় ৷ এই ভিৰৰ পৰিষ্ঠিতিৰ বুজ ললে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ মখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশনা অনুশৰি গৃহ-বিভাগৰ মখ্য সচিব সঞ্জয় প্ৰসাদ আৰু আইন শৃংখলা বিভাগৰ মুৰব্বী প্ৰশান্ত কুমাৰে  স্থানীয় বিষয়া কৰ্মচাৰীসকলক প্ৰশংসা কৰে ৷ ডিজিপি প্ৰশান্ত কুমাৰ আৰু মুখ্য সচিব সঞ্জয় প্ৰশাদে অযোধ্যাত নিৰাপত্তাৰ বাবে বিভিন্ন ব্যৱস্থাৰ মুল্যংকন কৰিছিল আৰু মন্দিৰৰ মুল প্ৰৱেশদ্বাৰো বিশদভাৱে নিৰিক্ষন কৰিছিল ৷ ডিজিপি প্ৰশান্ত কুমাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে  যে ’ইয়াত বৃহতসংখ্যক ভক্তৰ সমাৱেশ ঘটিছে  যাৰ বাবে গৃহ সচিব আৰু মোক দায়িত্বভাৰ দিয়া হৈছে ৷ আমি ভক্তসকলৰ কোনো অসুবিধাহ আৰু ভিৰ কম কৰিবৰ বাবে শাৰী প্ৰনালীৰ ব্যৱস্থা কৰিছো ’৷ এই ৰাম মন্দিৰ ৰাইজৰ বাবে মঙলবাৰে সোলা হব আৰু ৫লাখ ভক্তই ভগৱান ৰাম লাল্লাক দৰ্শন কৰিব পাৰিব ৷ ইফালে ৰেপিড একচন ফৰ্চৰ উপ কামাণ্ডেণ্ট অৰুন কুমাৰ তিৱাৰীয়ে কয় যে আমি নিশ্চিত কৰিম যে নিয়োজিত সকলে কোনো অসুবিধাৰ সন্মুখীন নহয় ৷ মন্দিৰ ভিতৰ আৰু বাহিৰত ১০০ জন জোৱান মোতায়েন কৰা হৈছে ৷ এই নিযুক্তি অহা কেইদিনমানৰ বাবে অব্যাত থাকিব ৷ উল্লেখ্য যে  অযোধ্যা চহৰত ভাৰতীয় সংস্কৃতি সম্পৰ্ক পৰিষদ,নতুন দিল্লী আন্তৰ্জাতিক ৰামায়ন আৰু বৈদিক গৱেশনা প্ৰতিষ্ঠানৰ সংস্কৃতি বিভাগৰ সৈতে সংযুক্ত হৈ উত্তৰ প্ৰদেশ চৰকাৰে ২৪-০৪,২০২৪ জানুৱাৰীত ৰাম কথা উদ্যান আৰু উদয়নত ভগৱান ৰামৰ ৰময়ম উৎসৱৰ আয়োজন কৰিব 

Leave a Reply

Your email address will not be published. Required fields are marked *