ঘন কুঁৱলীয়ে ব্যাঘাত জন্মাইছে ৰে’ল-বিমান চলাচলত

Share

গুৱাহাটী,২৮ ডিচেম্বৰঃ প্ৰচণ্ড কুঁৱলীয়ে আৱৰি ধৰিছে সমগ্ৰ পৃথিৱী । কুঁৱলীৰ বাবে আজি পুনৰ দিল্লীত বিলম্ব হৈছে ২৫ খনতকৈও অধিক ৰে’ল চলাচলত । অত্যাধিক পলম হোৱা ৰে’লসমূহৰ ভিতৰত আছে পুৰী-নতুন দিল্লী পুৰুষোত্তম এক্সপ্ৰেছ, হাওৰা-নতুন দিল্লী পূৰ্বা এক্সপ্ৰেছ, কানপুৰ-নতুন দিল্লী শ্ৰম শক্তি এক্সপ্ৰেছ, প্ৰয়াগৰাজ-নতুন দিল্লী হামচফৰ এক্সপ্ৰেছ আৰু বৈশালী-এছ এফ এক্সপ্ৰেছ । এই সন্দৰ্ভত উত্তৰ ৰে’লৱেৰ এজন বিষয়াই অৱগত কৰে যে বেছিভাগ ট্ৰেক খেতিপথাৰ বা মুকলি এলেকাৰ হোৱাৰ বাবে নিশা আৰু ৰাতিপুৱাৰ সময়ত ঘন কুঁৱলীয়ে আবৰি থাকে আৰু প্ৰায় ঠায়ে ঠায়ে দৃশ্যমানতা একেবাৰেই শূণ্য হৈ পৰে । সেয়েহে সুৰক্ষাক অধিক অগ্ৰাধিকাৰ দি চালকসকলে কম গতিবেগত চলাবলগীয়া হৈছে তাৰফলত ৰে’লসমূহৰ পলম হৈছে ।জানিবপৰামতে বুধবাৰেও দিল্লীত বহু কেইখন ৰে’লৰ চলাচলত বিলম্ব হোৱাৰ লগতে ১১০ খন বিমান চলাচলতো বিলম্ব হৈছিল । ইয়াৰোপৰি এই সময়ছোৱাত যথেষ্ট বৃদ্ধি পাইছে প্ৰদুষণৰ মাত্ৰা , যাৰ ফলত পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *