পুনৰ শিলসাঁকোত উচ্ছেদ অভিযান অব্যাহত

Share

শিলসাঁকোত পুনৰ উচ্ছেদক  লৈ উত্তপ্ত পৰিস্থিতি।মহিলাই অৰ্ধউলংগ হৈ প্ৰশাসনৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ। জয় আই অসম ধ্বনিয়ে প্ৰতিবাদী মহিলাই পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদ স্থলিত  প্ৰতিবাদকাৰীক আৰক্ষী প্ৰশাসনে বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে।শিলসাঁকোত ১৫০ বিঘা মাটি বে-দখল মুক্ত কৰিব প্ৰশাসনে।

আজিৰে পৰা চলিব শিলসাঁকোত উচ্ছেদ, পুৱাৰে পৰা আৰক্ষী বাহিনী গৈ উপস্থিত হৈছে উচ্ছেদ স্থলিত।শিলসাঁকোৰ বাসিন্দা আৰু  আৰক্ষীৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়।শিলসাঁকোৰ বাসিন্দাই মাটি এৰি নিদিয়াৰ হুংকাৰ দিছে আৰক্ষী প্ৰশাসনক।বিগত ৭ মাহে চলি থকা এই উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত সকলক চৰকাৰে কোনো ধৰণৰ ক্ষতি পুৰণ দিয়া নাই।বৰঞ্চ প্ৰতিবাদকাৰীক আৰক্ষীয়ে টানি-আঁজুৰি আটক কৰাহে দেখা গ’ল।

শিলসাঁকোত ভূমি বে-দখল কৰা লক্ষ্যৰে প্ৰশাসনে কঠোৰ ভাৱে প্ৰতিবাদীসকলক বাধা আৰোপ কৰা দেখা গৈছে।শিলসাঁকো উচ্ছেদৰ যুঁজখন খিলঞ্জীয়া মানুহৰ ভূমি ৰক্ষাৰ যুঁজ।কিয়নো চৰকাৰে বিদেশীক বে-দখলমুক্ত কৰা নাই,খিলঞ্জীয়াকহে কৰিব।আজি প্ৰশাসনে ২৫০টা ঘৰ উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *