পুনৰ শিলসাঁকোত উচ্ছেদ অভিযান অব্যাহত

Share

শিলসাঁকোত পুনৰ উচ্ছেদক  লৈ উত্তপ্ত পৰিস্থিতি।মহিলাই অৰ্ধউলংগ হৈ কৰিছে প্ৰতিবাদ। জয় আই অসম ধ্বনিয়ে প্ৰতিবাদী মহিলাই পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদ স্থলিত  প্ৰতিবাদকাৰীক আৰক্ষী প্ৰশাসনে বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে।শিলসাঁকোত ১৫০ বিঘা মাটি বে-দখল মুক্ত কৰিব প্ৰশাসনে।

আজিৰে পৰা চলিব শিলসাঁকোত উচ্ছেদ, পুৱাৰে পৰা আৰক্ষী বাহিনী গৈ উপস্থিত হৈছে উচ্ছেদ স্থলিত।শিলসাঁকো বাসিন্দা আৰু  আৰক্ষীৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হৈছে।শিলসাঁকোৰ বাসিন্দাই মাটি এৰি নিদিয়াৰ হুংকাৰ দিছে আৰক্ষী প্ৰশাসনক।বিগত ৭ মাহে চলি থকা এই উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত সকলক চৰকাৰে ক্ষতি পুৰণ দিয়া নহ’ল।বৰঞ্চ প্ৰতিবাদকাৰীক আৰক্ষীয়ে টানি-আঁজুৰি আটক কৰাহে দেখা গ’ল।

শিলসাঁকোত ভূমি বে-দখল কৰা লক্ষ্যৰে প্ৰশাসনে  কঠোৰ ভাৱে প্ৰতিবাদীসকলক বাধা আৰোপ কৰা দেখা গ’ল।শিলসাঁকো উচ্ছেদৰ যুঁজখন খিলঞ্জীয়া মানুহৰ ভূমি ৰক্ষাৰ যুঁজ।কিয়নো চৰকাৰে বিদেশীক বে-দখলমুক্ত নকৰে,খিলঞ্জীয়াকহে কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *