চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া

Share

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনীষ ছিছ’দিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ আবকাৰী নীতি প্ৰণয়নত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত এক গোচৰত প্ৰায় ৮ ঘণ্টা ধৰি জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে। সূত্ৰ অনুসৰি আইপিচিৰ ধাৰা 120-B, 477A, PC Act 7 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। আজি ​​তেওঁলোকক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰি ৰিমাণ্ড বিচাৰিব চিবিআইয়ে।

চিবিআইৰ সূত্ৰ অনুসৰি, প্ৰমাণ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ছিছ’দিয়াক। সূত্ৰ অনুসৰি, ছিছ’দিয়াৰ বিৰুদ্ধে কেইবাটাও ফোন চেট ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে চিবিআইৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *