পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক । বুধবাৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাচতে চি.বি.আই আদালতৰ অনুমতিৰ সাপেক্ষে কেজৰিৱালক সুৰা নীতি কেলেংকাৰি অভিযোগতে গ্ৰেপ্তাৰ কৰে । চি.বি.আইয়ে তেঁওক সোধা-পোচাৰ বাবে ৫ দিনলৈ ন্যায়িক জিম্মাত বিচাৰিছিল যদিও আদালতে ৩ দিনৰ বাবে চি.বি.আইৰ জিম্মালৈ প্ৰেৰণ কৰে ।
আদালতত চি.বি.আইৰ ফালৰ পৰা কোৱা হৈছিল যে সুৰা নীতিৰ কেলেংকাৰিৰ সন্দৰ্ভত লোকসভাৰ নিৰ্বাচনৰ সময়ত কেজৰিৱালক তেওঁলোকে সোধা-পোচা কৰিব নোৱাৰে । সেইবাবে এতিয়া চি.বি.আইৰ জিম্মাত বিছাৰিছে কেজৰিৱালক ।
আনহাতে উচ্চতম ন্যায়লয়ৰ জামিন আবেদনো প্ৰত্যাহাৰ কৰিছে দিল্লীৰ মুখ্যমমন্ত্ৰী গৰাকীয়ে ।