২ এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Share

লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ লক্ষ্যৰে ৰণডংকা বজাবলৈ ২ এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। লক্ষ্য অসমত আপৰ ভেটি শক্তিশালী কৰা ।

২ এপ্ৰিলত অসমলৈ আহি কেজৰিৱালে অসমৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰাখিব ভাষণ । গুৱাহাটী মহানগৰীৰ সোণাৰাম খেলপথাৰত দিনৰ ১২ বজাৰ পৰা দিনৰ ২ বজালৈ  হ’ব  এই জনসভা ।  জনসভাৰ বাবে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে আপৰ নেতৃত্বই। এই সভাত খেলপথাৰত আপৰ সমৰ্থকৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰিছে আপৰ নেতৃত্বই।

জনসভাত কেজৰিৱালে অংশগ্ৰহণ কৰাৰ পিছত পুনৰ দিল্লীলৈ উৰা মাৰিব । কেজৰিৱালৰ লগতে বৰ্তমান পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱৎ সিং মানেও উপস্থিত থাকিব জনসভাখনত। জনসভাত অংশগ্ৰহণ কৰাৰ বাহিৰে বেলেগ কাৰ্যসূচী অসমত ৰখা নাই অৰবিন্দ কেজৰিৱালে। কেজৰিৱালৰ অসম আগমনে বিজেপি শাসিত অসমৰ ৰাইজৰ মন জয় কৰিব পাৰে নে নাই সেয়া সময়ত হ’ব লক্ষণীয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *