৭ দিনৰ ইডিৰ জিম্মালৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Share
অৱশেষত শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাত দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। মুখ্যমন্ত্ৰীগৰাকী ২৮ মাৰ্চলৈকে থাকিব লাগিব ইডিৰ জিম্মাত। সুৰা নীতি কেলেংকাৰীৰ ধন আত্মসাতৰ অভিযোগত বৃহস্পতিবাৰে অৰবিন্দ কেজৰিৱালক তেওঁৰ দিল্লীৰ বাসগৃহতে ২ ঘণ্টা সোধপোচৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। ইডিয়ে বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পিচত শুকুৰবাৰে কেজৰিৱালক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰা হৈছিল। ইয়াৰ পিচতে আদালতে দুয়ো পক্ষৰ যুক্তি শুনি শুকুৰবাৰে নিশা প্ৰায় ৮-৩০ বজাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২৮ মাৰ্চত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *