মুকলি আকাশৰ তললৈ আহিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Share

অৱশেষত অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালী জামিন সন্দৰ্ভত ৰায়দান কৰি মুখ্যমন্ত্ৰীগৰাকীক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। উচ্চতম  উচ্চতম ন্যায়ালয়ে  অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত তিহাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে।

আজি পুৱা ১১ বজাত কনাটপ্লেচৰ হনুমান মন্দিৰত ভগৱানৰ আৰ্শীবাদ লয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে দিনৰ ১ বজাত দিল্লীৰ আম আদমী পাৰ্টীৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে অৰবিন্দ কেজৰিৱালে। সমান্তৰালকৈ বিয়লি দক্ষিণ দিল্লীৰ আপৰ প্ৰাৰ্থী ছাহিৰাম পেহেলৱানৰ হৈ প্ৰথমটো ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *