জামিন লাভ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Share
তদন্ত সংস্থাৰ চমন এৰি দিয়াৰ গোচৰৰ জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱালে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি ১৫ হাজাৰ টকাৰ জামিন বণ্ড আৰু ইডি চমন গোচৰত ১ লাখ টকাৰ জামিনত জামিন প্ৰদান কৰে মুখ্যমন্ত্ৰী জনক।ইয়াৰ পূৰ্বেও ED য়ে ৮ বাৰকৈ চমন প্ৰেৰণ কৰিছিল অৰবিন্দ কেজৰিৱাললৈ কিন্তু ED ৰ চমন লাভ কৰাৰ পিছতো ED ৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল কেজৰিৱাল। অৱশেষত ED ৰ পৰিৱৰ্তে ন্যায়ালয়ৰ  কাষ চাপে কেজৰিৱাল। নৰেন্দ্ৰ মোদী চৰকাৰে বিৰোধী নেতাক লক্ষ্য কৰি কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে।

Leave a Reply

Your email address will not be published. Required fields are marked *