বাংলাদেশৰ সৈতে ব্য়ৱসায় বন্ধৰ সিদ্ধান্ত দিল্লীৰ গাড়ীৰ যন্ত্রাংশ ব্যৱসায়ীৰ

Share

বাংলাদেশত সংখ্যালঘুৰ লগত হৈ থকা আক্ৰমণ আৰু অত্যাচাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ দিল্লীবাসীৰ।বাংলাদেশৰ সৈতে ব্যৱসায় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ ব্যৱসায়ীয়ে।বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত হোৱা প্ৰতিবাদত চুবুৰীয়া দেশখনৰ সৈতে বাণিজ্যিক লেনদেন বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ কাশ্মীৰী গেটৰ গাড়ীৰ যন্ত্রাংশ ব্যৱসায়ীসকলে।বাংলাদেশত হিন্দু লোক আৰু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছৰ পৰাই সমগ্ৰ ভাৰতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।যাৰ পিছতেই ইযাৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰি এই কথা প্ৰকাশ কৰিছে  ‘অট’ম’টিভ পাৰ্টছ  মাৰ্ছেন্টছ এছচিয়েচনৰ অধ্যক্ষ বিনয় নাৰেংগে ।অহা ১৫ জানুৱাৰীলৈকে কাশ্মীৰী গেট ‘অট’ম’টিভ পাৰ্টছ মাৰ্কেটৰ পৰা বাংলাদেশলৈ গাড়ীৰ  যন্ত্রাংশ ৰপ্তানি বন্ধ ৰখা হব । এই প্ৰতিবাদৰ ফলত চুবুৰীয়া দেশখনৰ মেৰামতি খণ্ডত বিশেষ প্ৰভাৱ পৰিব বুলি উল্লেখ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *